মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ক্সবাদ, লেলিনবাদত মানিলে, মাৰ্ক্স-লেলিনে আত্মহত্যা কৰিবঃ ক্ষুৰধাৰ সমালোচনা অখিল গগৈৰ

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ক্সবাদ, লেলিনবাদত মানো বুলি ক’লে মাৰ্ক্স আৰু লেলিনে আত্মহত্যা কৰিব লাগিব। – এইবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া নাগপুৰ আৰু দিল্লীৰ ওচৰত তেল মাৰিবলৈ গৈ যিকোনো কথাই, যিকোনো কামেই কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ পৰা আদি কৰি সকলোবোৰ বস্তু কিনি পেলাইছে বুলি ভাৱি লৈছে।

অসম মানুহে এগৰাকী উশৃংখল, উতনুৱা আৰু অল্পজ্ঞানী ব্যক্তিক মুখ্যমন্ত্ৰী পাতিলে বুলি কটাক্ষ কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সোমবাৰে বিধানসভাত সমাজ বাদ নামানে বুলি কৈ ভাৰতৰ সংবিধানখনকে উপেক্ষা কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুবিধাবাদী, দুৰ্নীতিপৰায়ণ ব্যক্তিয়ে যদি মাৰ্ক্সবাদ, লেলিনবাদত মানে, তেন্তে মাৰ্ক্স আৰু লেলিনে আত্মহত্যা কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা কৰে অখিল গগৈয়ে। অন্যহাতে হিমন্ত বিশ্ব শর্মাৰ দৰে গণতন্ত্ৰত বিশ্বাস নকৰা, সাম্প্ৰদায়িক বিষ বিয়পোৱা ব্যক্তি অসমত পূৰ্বে কোনো নাছিল বুলি মন্তব্য কৰে অখিল গগৈয়ে।