খিলঞ্জীয়া সংজ্ঞাক লৈ ৰাজ্যত চলি থকা চৰ্চাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে।
কনৌজৰ পৰা অহা সকল যদি খিলঞ্জীয়া হয়, তেন্তে তদানীন্তন ভাৰতবৰ্ষৰ মৈমনসিঙৰ পৰা অহা সকল কিয় খিলঞ্জীয়া নহব বুলি প্ৰশ্ন কৰে সাংসদ খালেকে।
লগতে তেওঁ ইয়াৰ সমাধান হব লাগিব বুলিও দাবী কৰে।
ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নিজে খিলঞ্জীয়া হয় নে নহয় তাক আগতে স্পষ্ট কৰক বুলিও মন্তব্য কৰে আব্দুল খালেকে।
কলগাছিয়াৰ কৰাৰকুৰ বেকী নদীৰ পাৰত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ আব্দুল খালেকে।
সাংসদ খালেকে ছৈয়দ বুলি কোনো জনগোষ্টি আছে বুলি মই নাজানো বুলি কৈ খিলঞ্জীয়াৰ স্বীকৃতি দিয়া সকলৰ কি লাভ হব সেই কথাও স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায়।









