জেহাদী সন্দেহত আৰক্ষীৰ জালত ভিনিহিয়েক আৰু খুলশালীয়েক…

পুনৰ জেহাদীৰ সন্দেহত বৰপেটাত গ্ৰেপ্তাৰ দুজন লোক।

বৰপেটাৰ হাউলীৰ উত্তৰ কালঝাৰত আৰক্ষীয়ে অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম ৷ 

ধৃত মোকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ বাগিছাৰ পৰা আৰক্ষীয়ে হস্তনিৰ্মিত তিনিটা বোমা, ইলেক্ট্ৰ’নিক ডিটনেটৰ তিনিটা আৰু এক্সপ্লোছিভ নিঅ’জেন নাইনটিন চাৰিটা আৰু ৫টা মোবাইল জব্দ কৰে ৷ 

ধৃত দুয়োজন সম্পৰ্কত ভিনিহিয়েক আৰু খুলশালীয়েক।

পুৱতি নিশা বৰপেটা সদৰ থানাৰ ডিএছপি সমুদ্ৰ দত্ত বৰুৱাৰ নেত়ৃত্বত হাউলী আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ধৃত ছফিকুল ইছলাম পূৰ্বে জামাতুল মুজাহিদীন বাংলাদেশ চমুকৈ JMBৰে জড়িত আছিল।

JMBৰে জৰিত থকাৰ অভিযোগত ২০১৯ চনত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে।

সেয়ে ছফিকুল ইছলামে পুনৰ বৰপেটাত জেহাদৰ জাল বিয়পোৱা কাৰ্যত জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।