মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ দুগৰাকী বিধায়কৰ।
নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাক প্ৰদান কৰা হৈছে মন্ত্ৰিত্ব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব আছিল জয়ন্ত মল্ল বৰুৱা।
কিন্তু তেওঁৰ লগতে নন্দিতা গাৰ্লোচাকো স্থান দিয়া হৈছে মন্ত্ৰীসভাত।
বৃহস্পতিবাৰে বিয়লি মন্ত্ৰীৰূপে শপত ল’ব দুয়োজনে।
বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।
ৰাজ্যপাল জগদীশ মুখী আজি অসমৰ বাহিৰত থকা বাবেই এদিনৰ বাবে স্থগিত কৰা হৈছে শপত গ্ৰহণ কাৰ্যসূচী।
কাইলৈ গুৱাহাটীত উপস্থিত হৈ জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপালে।









