অসম

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিয়া CJMৰ নিৰ্দেশক স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিয়া CJMৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ।

নিম্ম আদালাতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

তাৰ পাছতে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিয়া নিম্ন আদালতৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে।

উল্লখ্য যে, কংগ্ৰেছ নেতা তথা বিধায়ক আব্দুল খালেকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে।

কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত নিম্ন আদালতৰ কাষ চাপিছিল আব্দুল খালেক।

ৰাজ্যৰ এক উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিবাদিত মন্তব্য কৰাক লৈয়ে গোচৰ দিছিল আব্দুল খালেকে।

Leave a Reply

Your email address will not be published. Required fields are marked *