নাগালেণ্ড

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড, জুইত ভস্মীভূত গুৰুত্বপূৰ্ণ নথিপত্ৰ…

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ কাৰ্যালয়ত শুকুৰবাৰে পুৱা এক অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰামতে ক’হিমাৰ নিউ সচিবালয় ভৱন কক্ষত থকা মুখ্যমন্ত্ৰী ৰিঅ’ৰ কাৰ্যালয়ত পুৱা সাত বজাত বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হয়।

লগে লগে নাগালেণ্ডৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে জুই নিয়ন্ত্ৰণ কৰে>

অৱশ্যে কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ বহু নথিপত্ৰ জুইত জাহ যায়।

এই অগ্নি কাণ্ডত কোনো লোক আহত হোৱা নাই।

উল্লেখযোগ্য যে বিগত দহ বছৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত দ্বিতীয় বাৰ এনেদৰে অগ্নিকাণ্ডৰ সংঘটিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *