মুখ্যমন্ত্রীসহ দহ শীৰ্ষ নেতাৰে ৩৭৫ কিঃমিঃ জোৰা আশীর্বাদ যাত্রা কৰিব সৰ্বানন্দ সোণোৱালে…

কেন্দ্রীয় মন্ত্রী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত অহা ২১ আগষ্টত প্রথমবাৰৰ বাবে অসমত উপস্থিত হ’ব প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশমর্মে ৰাজ্যিক বিজেপিৰ উদ্যোগত ২১ৰ পৰা ২৩ আগষ্টলৈ আয়োজিত ‘আশীর্বাদ যাত্রা’ত কেন্দ্রীয় মন্ত্রী সোণোৱালে অংশগ্রহণ কৰিব৷

বৃহস্পতিবাৰে সংবাদ মেলত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁয়ে এই বিষয়ে সদৰী কৰে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোকসভাৰ চলিত অধিৱেশন সামৰণি পৰাৰ পাছত নতুন কেন্দ্রীয় মন্ত্রীসকলে যেতিয়া নিজ নিজ ৰাজ্যলৈ যাব, তেতিয়াই তেওঁলোকক আদৰণি জনোৱাৰ লগতে তেওঁলোকে যাতে আগন্তুক নিজ কর্ম সঠিকভাৱে পালন কৰিবলৈ ৰাইজৰ পৰা আশীর্বাদ আৰু পৰামর্শ বুটলিবলৈ সক্ষম হয়, সেই উদ্দেশ্যে ‘আশীর্বাদ যাত্রা’ কার্যসূচী গ্রহণৰ আগ্রহ প্রকাশ কৰিছে৷

ইয়াৰ অংশ হিচাপে অসমৰ পৰা কেন্দ্রীয় কেবিনেট মন্ত্রী হিচাপে অন্তর্ভুক্ত হোৱা সোণোৱালক স্বাগতম জনাই অহা ২১, ২২ আৰু ২৩ আগষ্টত ‘আশীর্বাদ যাত্রা’ কার্যসূচী গ্রহণ কৰে ৰাজ্য চৰকাৰে।

উক্ত কার্যসূচী গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ সাংগঠনিক জিলা তথা চাৰি লোকসভা সমষ্টি গুৱাহাটী, নগাঁও, কলিয়াবৰ আৰু যোৰহাটৰ ১৮টা স্থানত সম্পূর্ণ ক’ভিড প্রট’কল মানি ৰূপায়ণ কৰা হ’ব৷

এই সমগ্র যাত্রাত কেন্দ্রীয় মন্ত্রী সোণোৱালে ৩৭৫.৫ কিলোমিটাৰ অতিক্রম কৰিব৷

এই ‘আশীর্বাদ যাত্রা’ত তেওঁক সংগ দিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাসহ ১০জনকৈ জ্যেষ্ঠ নেতাই৷

অন্য জ্যেষ্ঠ নেতাকেইজন হ’ল– ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ কুইন ওজা, কামাখ্যাপ্রসাদ তাছা, তপন কুমাৰ গগৈ, কিষাণ মর্চাৰ ৰাষ্ট্রীয় উপ-সভাপতি প্রাণ কুমাৰ দাস আৰু ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷

Leave a Comment