‘মিথ্যাচাৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে হিন্দুত্ব’! হিন্দুৰ অনুভূতিক আঘাত হনা টুইট কৰি গ্ৰেপ্তাৰ অভিনেতা চেতন কুমাৰ…

নিউজ ডেস্কঃ হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত গ্ৰেপ্তাৰ কানাড়া অভিনেতা চেতন কুমাৰৰ।

হিন্দুক লৈ কৰা এটা বিতৰ্কিত টুইটৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক।

উল্লেখ্য যে, টুইটাৰত হিন্দুত্ব মিথ্যাচাৰৰ ওপৰত গঢ় লৈ উঠা বুলি মন্তব্য কৰিছিল চেতন কুমাৰে।

চেতন কুমাৰৰ এই টুইটৰ পিছতে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বজৰংগ দলৰ সদত্য শিৱকুমাৰে।

এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি মঙলবাৰে গ্ৰেপ্তাৰ কৰে কানাড়া অভিনেতাজনক।

উল্লেখ্য যে, চেতন কুমাৰে টুইটাৰত লিখিছিল- ” হিন্দুত্ব মিথ্যাচাৰৰ ওপৰত গঢ় লৈ উঠিছে। সাৱৰকাৰঃ ভাৰতীয় ‘জাতি’ আৰম্ভ হৈছিল তেতিয়া, যেতিয়া ৰামে ৰাৱণক পৰাস্ত কৰিছিল আৰু অযোধ্যালৈ উভতি আহিছিল— মিছা। ১৯৯২ঃ বাবৰি মছজিদ ‘ৰামৰ জন্মস্থান — মিছা। ২০২৩ঃ উৰিগৌড়া-নাঞ্জেগৌড়া টিপুৰ ‘হত্যাকাৰী’— মিছা। হিন্দুত্বক সত্যৰ দ্বাৰা পৰাস্ত কৰিব পাৰি। সত্য হৈছে সমতা।’’