মিঞা মিউজিয়ামৰ প্ৰসংগ ৰাজনৈতিক, মিঞা বুলি কোনো জাতি নাইঃ বিধায়ক নুৰুল হুদা

নিউজ ডেস্কঃ মিঞা মিউজিয়ামৰ প্ৰসংগটো ৰাজনৈতিক। সন্মুখৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি এই প্ৰসংগ উত্থাপন কৰা হৈছে। -এই দাবী বিধায়ক নুৰুল হুদাৰ।

গোৱালপাৰাৰ মিঞা মিউজিয়াম সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক নুৰুল হুদাই কয় যে মিঞা মানে কোনো জাতি নহয়। মিঞা হৈছে এটা সন্মানসূচক শব্দ, যাৰ অৰ্থ ডাঙৰীয়া।

কিন্তু মিঞা শব্দটোক এতিয়া তুচ্ছ তাচ্ছিল্য কৰা হৈছে বুলি মন্তব্য কৰি বিধায়ক নুৰুল হুদাই কয় যে বৰ্তমান সময়ত লুঙি পিন্ধি হাতত দা লৈ হাজিৰা কৰিবলৈ যোৱা জনকে মিঞা বুলি আখ্যা দিয়া হয়।

কিন্তু তেওঁলোক মিঞা নহয়, দুখীয়াহে বুলি মন্তব্য কৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই।

আনহাতে বৰ্তমান সময়ত হিন্দু লোকেও লুঙী পিন্ধে বুলি মন্তব্য কৰি তেওঁ কয় যে পশ্চিম বংগ, মহাৰাষ্ট্ৰলৈ গ’লে হিন্দু লোকেই লুঙী পিন্ধা দেখা যায়।

তেওঁ লগতে কয় যে প্ৰত্যেকটো জাতি-জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিক সংৰক্ষণ কৰা উচিত। কিন্তু মিঞা মিউজিয়ামত যিখন নাঙল ৰাখিছে, সেয়া অতীজৰে পৰাই অসমীয়াই ব্যৱহাৰ কৰি আহিছে বুলিও মন্তব্য কৰে নুৰুল হুদাই।

কোনোবা ধৰ্মত হিন্দু, কোনোবা মুছলমান, কিন্তু জাতিগতভাৱে আমি সকলো অসমীয়া বুলিও মন্তব্য কৰে বিধায়ক নুৰুল হুদাই।