মিউজিক ভিডিঅ’ৰ শ্বুটিঙৰ সময়তে দুৰ্ঘটনাত পতিত এআৰ ৰহমানৰ পুত্ৰ এআৰ আমিন! সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা…

নিউজ ডেস্কঃ মিউজিক ভিডিঅ’ৰ শ্বুটিঙৰ সময়তে সংঘটিত দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা কিংবদন্তী সংগীতকাৰ এআৰ ৰহমানৰ পুত্ৰ তথা যুৱ কণ্ঠশিল্পী এআৰ আমিনৰ।

ইনষ্টাগ্ৰামত এই দুৰ্ঘটনাৰ বিষয়ে দুখন ফটো শ্বেয়াৰ কৰি নিজেই প্ৰকাশ কৰে এআৰ আমিনে।

তেওঁ জানিবলৈ দিয়া মতে, এটা গানৰ শ্বুটিঙৰ বাবে মঞ্চৰ ওপৰত ক্ৰেনৰ সহায়ত সজোৱা হৈছিল এটা লোৰ কাঠামো আৰু ঝুমৰ।

তলত তেওঁ কেমেৰাৰ সন্মুখত অভিনয় কৰি থকাৰ সময়তে হঠাৎ লোহাৰ কাঠামোসহ ঝুমৰসমূহ খহি পৰে।

কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ কেইইঞ্চিমান ইফাল সিফাল হ’লেই গোটেই কাঠামোটো তেওঁৰ মূৰৰ ওপৰত বাগৰি পৰিলহেঁতেন।

কিন্তু দুৰ্ঘটনাটোৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰাত ঈশ্বৰ আৰু শুভাকাংক্ষী সকলক ধন্যবাদ জনায় এআৰ আমিনে।