মাহেকীয়াৰ সময়ত মহিলা কৰ্মচাৰীক দুদিনৰ ছুটী দিব SWIGGYয়ে…

মহিলা কৰ্মচাৰী সকলক লৈ জনপ্ৰিয় ফুড দেলিভাৰী কোম্পানী SWIGGYয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

মহিলা কৰ্মচাৰীসকলে ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি SWIGGYয়ে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ

এই বিশেষ দিন কেইটাত ভিন্ন সমস্যা লগত লৈয়ে কাম কৰিব লগা হয় মহিলা কৰ্মচাৰীসকলে।

কিন্তু এইক্ষেত্ৰত SWIGGYয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

SWIGGYৰ মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়াৰ দিন কেইটাত এক বিশেষ বন্ধৰ (Swiggy Women Period Leave) ঘোষণা কৰিছে কোম্পানীটোৱে।

SWIGGYয়ে মহিলা কৰ্মচাৰীসকলক বিশেষ অসুবিধাৰ পৰা সকাহ দিবলৈ এই ঋতুকালীন বন্ধ আৰম্ভ কৰিছে।

কোম্পানীটোৱে ঘোষণা কৰিছে যে কৰ্মচাৰীসকলক ঋতুস্ৰাৱৰ সময়ত ‘কোনো প্ৰশ্ন নোহোৱাকৈ’ দুদিনৰ বাবে ছুটি দিয়া হ’ব।

SWIGGY-এ কয় যে, এই পদক্ষেপটো মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে। মহিলাসকলৰ স্বাস্থ্যই যদি সুৰক্ষিত নহয় তেন্তে এখন ঘৰ বা এটা প্ৰতিষ্ঠান কেনেকৈ সুৰক্ষিত হ’ব, গতিকে মহিলাসকলৰ শৰীৰ আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব হোৱা উচিত।’

Leave a Comment