অসম

ক’ভিডৰ ভয়াৱহতাঃ নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ সকলো কাৰ্য্যসূচী বাতিল…

ৰাজ্যত পুনৰ বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

কৰ’ণাৰ তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ সকলো কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ।

এইবেলি মাত্ৰ এদিনীয়া কাৰ্য্যসূচীৰে ৰাস মহোৎসৱখনি অনুষ্টুপীয়াকৈ মাত্ৰ মাংগলিক কাৰ্য্যসূচীখিনিহে সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিয়া ক’ভিডৰ নীতি-নিয়ম পালন কৰি মাত্ৰ এদিনীয়া কাৰ্য্যসূচীৰে এইবাৰ নলবাৰীৰ ৰাস উদযাপন কৰা হ’ব।

উল্লেখ্য যে, নলবাৰীৰ ৰাস মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। যাৰ পৰিপেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিগত দুবছৰ ক’ভিড মহামাৰীৰ বাবে নলবাৰী হৰিমন্দিৰ সমিতিয়ে ৰাস মহোৎসৱ কাৰ্য্যসূচী বাতিল কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *