অহংকাৰ নহয়, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ’ম! অখিল গগৈ জপিয়াই ফুৰা মাছঃ ৰূপজ্যোতি কুৰ্মী

ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।

শুক্ৰবাৰে অসম বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

মনোনয়ন পত্ৰ দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে উপ-নিৰ্বাচনত নিজৰ জয় নিশ্চিত বুলি দাবী কৰ।

ৰূপজ্যোতি কুৰ্মীয়ে কয়- অহংকাৰ কৰি কোৱা নাই, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ’ম। মই ভৱাতকৈ অধিক ভোট লাভ কৰিম।

লগতে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আৰু বিজেপি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহে ৰাইজক উপকৃত হোৱাৰ বাবে প্ৰতিটো নিৰ্বাচনত বিজেপিৰ জয় হৈছে। বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহে ৰাইজৰ মন জয় কৰিছে।

মৰিয়নীৰ কংগ্ৰেছ দলৰ প্ৰতি অৱদান থকা বা সাংগঠনিক দিশত কাম কৰা কোনো লোকক প্ৰাৰ্থিত্ব দিয়া হ’লে মোৰ ভয় লাগিলহেঁতেন, কিন্তু কংগ্ৰেছ কৰ্মীয়ে চিনি নাপায় প্ৰাৰ্থীগৰাকীক। ময়ে পাহৰিলো প্ৰাৰ্থীগৰাকীৰ নাম।-ৰূপজ্যোতি কুৰ্মী।

ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি কয়- অখিল গগৈয়ে মাছৰ দৰে জপিয়াই ফুৰে। এইজনৰ কথা শুনি লাভ নাই, ৰাইজে ইতিমধ্যে বুজি উঠিছে। মৰিয়নীবাসীয়ে উন্নয়নৰ স্বাৰ্থত স্বতঃস্ফূৰ্তভাৱে বিজেপি দলক ভোট দিব।

Leave a Comment