অসমঅসমীয়া

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দাওদাওকৈ জ্বলি উঠিল পৰ্যটকৰ বাহন…

মানাহ ৰাষ্ট্ৰীয় উদ্যানত হঠাৎ দাউদাউকৈ জ্বলি উঠিল এখন পৰ্যটকৰ বাহন।

বুধবাৰে বাঁহবাৰী ৰেঞ্জত সংঘটিত এই ঘটনাত ৰাষ্ট্ৰীয় উদ্যানখনত কিছুসময়ৰ বাবে আতংকৰ সৃষ্টি হয়।

জানিব পৰা মতে, মথনগুৰিৰ পৰা বাঁহবাৰীলৈ দুখন পৰ্যটকৰ বাহন উভতি অহাৰ সময়তে এখন বাহনত সংঘটিত হয় অগ্নিকাণ্ড।

vlcsnap-2022-01-20-12h33m24s196

জীপচী খনৰ টেংকীৰ পৰা তেল নিৰ্গত হৈ এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে, বাহনখনৰ চালকজনে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বেই পৰ্যটকসকলৰ গাড়ীৰ পৰা নমাই দিয়াত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আটাইকেইজন পৰ্যটকৰ।

পিছত আনখন জীপছীৰ জৰিয়তে পৰ্যটকসকলক সুকলমে লৈ যোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *