অসম

আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে সীমা বিবাদক লৈ দুয়ো ৰাজ্যই উপনীত হোৱা সমমতৰ প্ৰস্তাৱৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হব।

উল্লেখ্য যে, সীমা বিবাদক লৈ ইতিমধ্যে সৰ্বদলীয় বৈঠকো অনুষ্ঠিত হৈছে।

বুধবাৰে হাফলঙত অনুষ্ঠিত হোৱা ৰাজ্যৰ কেবিনেটত বিবাদমান ৬টা এলেকাৰ ক্ষেত্ৰত যুগুতাই উলিওৱা সমাধানসূত্ৰক অনুমোদন জনোৱা হয়।

হাফলং আবৰ্ত্ত ভৱনত পুৱাই ব্ৰেকফাষ্ট কৰি হাফলঙৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

ইয়াৰ পৰা অসমীয়া সমাজৰ নামঘৰলৈ যাব৷ নামঘৰৰ পৰা হাফলং চৰকাৰী কলেজৰ মূল ভৱন, হাফলং চৰকাৰী কলেজৰ ছাত্ৰাবাস আৰু হাফলং কলেজৰ প্ৰেক্ষাগৃহ উদ্বোধন কৰিব৷

এই চাৰি কাৰ্যসূচীৰ পিছতে বৰঝাৰ বিমান বন্দৰলৈ হেলিকপ্টাৰেৰে উৰিব মুখ্যমন্ত্ৰী৷

বৰঝাৰৰ পৰা পোনে পোনে নতুন দিল্লীলৈ যাব মুখ্যমন্ত্ৰী৷

নতুন দিল্লীলৈ ছাৰ্টাৰ্ড ফ্লাইটেৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰনাড চাংমাৰ সৈতে ৰাওনা হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *