মাধ্যম হেঙাৰ নহয়! NEETত সফলতা অৰ্জন কৰি প্ৰমাণ কৰি দেখুৱালে অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনন্যাই…

নিউজ ডেস্কঃ ৰাজ্যজুৰি মাধ্যম বিতৰ্কই তোলপাৰ লগাই থকাৰ সময়তে অসমীয়া মাধ্যমলৈ এক আশাৰ বতৰা হৈ আহিল অনন্যা মেধি। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আজি NEET পৰীক্ষাত উজ্বলি উঠিবলৈ সক্ষম হৈছে অনন্যাই।

উল্লেখ্য যে, অসমীয়া মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। অসম সাহিত্য সভাৰ পৰা ছাত্ৰ সংগঠনলৈকে সকলোৱে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

তথাপিও নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে মন্তব্য কৰিছিল যে অসমীয়া মাধ্যমত পঢ়িলে হেনো ছাত্ৰ-ছাত্ৰী চিকিৎসক-অভিযন্তা হ’ব নোৱাৰে।

কিন্তু মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ সিদ্ধান্ত যে অবৈজ্ঞানিক আৰু অযুক্তিকৰ সেয়া প্ৰমাণ কৰি দেখুৱালে অনন্যা মেধিৰ সফলতাই। অসমীয়া মাধ্যমত পঢ়ি NEET UG, ২০২২ত কেৱল সফলতা অৰ্জন কৰাই নহয়, বৰঞ্চ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থানো লাভ কৰিবলৈ সক্ষম হয় অনন্যা মেধিয়ে।

বৃহস্পতিবাৰে ঘোষণা কৰা সৰ্বভাৰতীয় যোগ্যতা পৰীক্ষাটোৰ ফলাফলত অনন্যাই দেশৰ ভিতৰতে ২০৫ নম্বৰ স্থান লাভ কৰে। মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬৯৪ নম্বৰ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰত প্ৰথম স্থান দখল কৰে অনন্যাই।

উল্লেখ্য যে, অসমীয়া মাধ্যমৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল অনন্যা মেধি। পৰৱৰ্তী সময়ত তেওঁ এলেন ইনষ্টিটিউটত নামভৰ্তি কৰি চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ বাবে প্ৰস্তুতি চলায়।

সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত এই আশাপ্ৰদ সফলতা অৰ্জন কৰা অনন্যাৰ মতে, মাধ্যম কেতিয়াও সপোন পূৰণত হেঙাৰ হ’ব নোৱাৰে। লক্ষ্য নিৰ্ধাৰণ কৰি নিষ্ঠা আৰু আগ্ৰহেৰে আগবাঢ়িলে মাধ্যম যিয়েই নহওক, সফলতা সম্ভৱ।