মাধ্যমিক বিদ্যালয়ত ১৩০ গৰাকী প্ৰাৰ্থীক চতুৰ্থ শ্ৰেণীৰ পদত অনুকম্পামূলক নিযুক্তি…

মাধ্যমিক বিদ্যালয়ত ১৩০ গৰাকী প্ৰাৰ্থীক চতুৰ্থ শ্ৰেণীৰ পদত অনুকম্পামূলক নিযুক্তি।

ৰাজ্যৰ চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ বিভিন্ন শিক্ষানুষ্ঠানত বুধবাৰে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰে।

এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিজৰ কৰ্মক সৰু-বৰ নাভাবি কৰ্মৰ জৰিয়তে আৰু দায়বদ্ধতাৰে চৰকাৰী দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

পেগুৱে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি নৱ নিযুক্ত প্ৰাৰ্থীসকলক পঢ়ি অহা বিদ্যালয়খনৰ লগতে নতুনকৈ কৰ্মক্ষেত্ৰত যোগদান কৰা বিদ্যালয়খনত অথবা কাৰ্য্যালয়ত এজোপা গছপুলি ৰোপন কৰি প্ৰতিপালনৰ ব্যাৱস্থা কৰিবলৈ অনুৰোধ জনায়।

অনুষ্ঠানত শিক্ষা বিভাগৰ প্ৰধান সচিৱ বি কল্যাণ চক্ৰৱৰ্তী, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়া, সমগ্ৰ শিক্ষা অভিযান মিছনৰ সঞ্চালিকা ৰৌছনী অপৰানজী কোৰকাটিৰ আদিৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে।

Leave a Comment