অসম

দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ এজাহাৰ দাখিল…

দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ

DCP (E) ৰ কাৰ্যালয়ত দাখিল কৰিলে এজাহাৰ।

উল্লেখ্য যে, যোৱা ২৯ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বৰপেটাৰ সাংসদ আব্দুল খালেকে।

কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদ গৰাকীয়ে দিয়া এজাহাৰ দিছপুৰ থানাই পঞ্জীয়ন নকৰাৰ বাবেই ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

গৰুখুটিৰ উচ্ছেদক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সংবিধান উলংঘা কৰা বুলি উল্লেখ কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল বৰপেটাৰ সাংসদ গৰাকীয়ে।

২০২১ চনৰ ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত গৰুখুটিৰ উচ্ছেদ ১৯৮৩ চনৰ ঘটনাৰ প্ৰতিশোধ হিচাপে অভিহিত কৰা বুলিও এজাহাৰত উল্লেখ কৰিছিল সাংসদ আব্দুল খালেকে।

Leave a Reply

Your email address will not be published. Required fields are marked *