মাদ্ৰাছাত জেহাদীৰ ঘাটি! আৰক্ষীৰ জালত বাংলাদেশী জেহাদীৰ লিংকমেন মুফতি মুস্তাফা…

জেহাদীৰ ঘাটি চলোৱা মাদ্ৰাছা ছীল কৰিলে আৰক্ষীয়ে।

মৰিগাঁও জিলাৰ মৈৰাবাৰীত এই জেহাদী চক্ৰ উৎখাত আৰক্ষীৰ।

মুফটি মুস্তাফা নামৰ এজন বাংলাদেশী জেহাদী লিংকমেন গ্ৰেপ্তাৰ আৰক্ষীৰ।

তথ্য অনুসৰি মুস্তাফাই চলাই আছিল জমিউল হুদা মাদ্ৰাছা।

মুস্তাফাই জেহাদীৰ পৰা ধন লোৱাৰ অভিযোগ।

ইতিমধ্যে আৰক্ষীয়ে ছীল কৰে জমিউল হুদা মাদ্ৰাছা।

জেহাদীক ছীম কাৰ্ড যোগান ধৰিছিল মুফতি মুস্তাফাই।

মুফতিৰ বেংক পাছবুকত বাংলাদেশৰ টকা-পইচা লেনদেনৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, বঙাইগাঁৱৰ গ্ৰেপ্তাৰ হোৱা জেহাদীৰ লিংকমেন ধৃত আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান।

বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো আশ্ৰয় দিছিল আব্বাছে।