আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, ভাৰতীয় দলত অসমৰ ৭ গৌৰৱ…

আজিৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ব বিশ্বৰ সন্মানীয় কমনৱেলথ গেমছ ২০২২।

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ এথলীটৰ ইভেন্ট হ’ল কমনৱেলথ গেমছ।

বাৰদিনীয়া বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অংশ ল’বলৈ বাৰ্মিংহাম গৈ উপস্থিত হৈছে অসমৰ ৭ গৰাকী সুযোগ্য সন্তান।

বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁয়ে অংশ ল’ব এইবাৰৰ কমনৱেলথ গেমছত।

৭০ কিলোগ্রাম লাইট মিডলৱেইট শাখাত লাভলীনা বৰগোহাঁই, ৬৩.৫ কিলোগ্রাম লাইট ৱেলটাৰৱেইট শাখাত শিৱ থাপাই অংশ গ্ৰহণ কৰিব।

আনহাতে এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমা দাসে কমনৱেলথ গেমছত মহিলাৰ  ৪×১০০ মিটাৰ ৰীলে দৌৰৰ উপৰি মহিলাৰ ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰিব।