মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ

নিউজ ডেস্ক। পুনৰ দেশৰ সীমান্তৰ সুৰক্ষাত নিয়ােজিত সেনা জােৱান শ্বহীদ হ’ল।

জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি দেশৰ বাবে চৰম বলিদান দিলে উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলাৰ চােহনপুৰ গাঁৱৰ বাসিন্দা হৃষিকেশ চৌবেয়ে।

যােৱা বছৰৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল এই সেনা জােৱানজন।

p3
মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ 4

ঘটনাৰ বিষয়ে জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ সেনাই চলােৱা অভিযানৰ মাজতে গুলীবিদ্ধ হৈ সেনা জােৱানজন।

p2 1
মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ 5

অৱশ্যে, এই অভিযানত সেনাই এটা পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে।

ভাৰতীয় সেনাই চলোৱা এই অভিযানত সেনাই নিহত সন্ত্ৰাসবাদীটােৰ জিম্মাৰ পৰা এটা এ কে-৪৭ ৰাইফল, ৪ টা পিষ্টল, ৩ টা এ কে-৪৭ মেগজিন , ৩টা পিষ্টলৰ মেগজিন, ৫টা হেণ্ড গ্ৰেনেড, পাকিস্তানৰ মুদ্ৰা আৰু অন‍্যান‍্য আপত্তিজন সামগ্ৰী জব্দ কৰে।

p4 1
মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ 6

সেনাই সন্ত্ৰাসবাদীজনৰ দখলৰ পৰা উদ্ধাৰ কৰা পাকিস্তানী মুদ্ৰাই জম্মু-কাশ্মীৰহৈ ভাৰতত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ কৰা কাৰ্য্যত পাকিস্তান জড়িত থকাৰ কথাটো প্ৰমাণিত কৰে।

উল্লেখযোগ্য যে ,ইয়াৰ পূৰ্বেও জুন মাহতো ভাৰতীয় সেনাই উত্তৰ কাশ্মীৰৰ কুপৱাৰাত দুজন সন্ত্ৰাসবাদীৰ এজেণ্ট ক্ৰমে মজিদ আৰু শ্বামচুদিনক হত্যা কৰিছিল।

1 thought on “মাত্ৰ ৭ মাহ পূৰ্বে সম্পন্ন হৈছিল বিয়া, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীদ সেনা জােৱান হৃষিকেশ”

Comments are closed.