অসমীয়াৰাষ্ট্ৰীয়

মাতৃৰ বিয়োগৰ পিছত দ্বিতীয় বিবাহ কৰি পিতৃয়ে এৰি গৈছিল কন্যাক! আজি দেশৰ ভিতৰতে উজ্বলিছে শ্ৰীজা..

নিউজ ডেস্কঃ সৰুতেই হেৰুৱাইছিল মাতৃক। তাৰ পিছতে দ্বিতীয় বিবাহ কৰি কণমানি শ্ৰীজাক পৰিত্যাগ কৰিছিল পিতৃয়েও।

কিন্তু এতিয়া দেশৰ ভিতৰতে উজ্বলি উঠিছে মেধাৱী ছাত্ৰীগৰাকী।

পিতৃ-মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ ডাঙৰ হোৱা বিহাৰৰ ৰাজধানী পাটনাৰ শ্ৰীজা নামৰ ছাত্ৰীগৰাকীয়ে সদ্যঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰে।

photo1658815888

উল্লেখ্য যে, পিতৃয়ে এৰি থৈ যোৱাৰ পিছতে মাকৰ মাতৃ অৰ্থাৎ আইতাকে তুলি-তালি ডাঙৰ দীঘল কৰিছিল শ্ৰীজাক।

ছাত্ৰীগৰাকীয়ে বিএছইবি কলনিৰ ডিএভি পাব্লিক স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ বিজ্ঞান আৰু সংস্কৃতত এশ শতাংশ তথা ইংৰাজী, অংক আৰু সমাজ অধ্যায়নত ৯৯ শতাংশ নম্বৰ লাভ কৰে।

ভৱিষ্যতে এগৰাকী ইলেক্ট্রিকেল ইঞ্জিনীয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে শ্ৰীজাই।

photo1658815940

শ্ৰীজাৰ এনে সফলতাৰ কাহিনী টুইটযোগে শ্বেয়াৰ কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও। ছাত্ৰীগৰাকীৰ সাফল্যত গৌৰৱাম্বিত সমগ্ৰ বিহাৰ।

photo1658815949

আনহাতে দশম উত্তীৰ্ণ হোৱাৰ পিছত একেখন বিদ্যালয়তে শ্ৰীজাই একাদশ আৰু দ্বাদশ অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।

শ্ৰীজাই ডাঙৰ হৈ এগৰাকী বৈদ্যুতিক অভিযন্তা হ’ব বিচাৰে।

পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে শ্ৰীজাই কৈছিল যে, “মই পঢ়ি থাকোঁতে সময় গণনা নকৰোঁ। মই সদায় অধ্যয়ন আৰু অন্যান্য কাৰ্যকলাপৰ মাজত সুস্থ ভাৰসাম্য বজাই ৰাখোঁ। পৰীক্ষাৰ আগতে, মই বহুতো প্ৰশ্নকাকত সমাধান আৰু কৰিছো।

শ্ৰীজাই সংস্কৃত আৰু বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ আৰু ইংৰাজী, গণিত তথা সমাজ অধ্যয়নত ৯৯ নম্বৰ লাভ কৰিছে। বৰ্তমান শ্ৰীজাই একাদশ শ্ৰেণীত বিজ্ঞান শাখাত নামভৰ্তি কৰিছে।

লগতে চাওকঃ

লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ

photo1658828103

এইখন অসমৰে ঘটনা! ফেচবুক প্ৰেমিকাৰ সৈতে ঠিক হৈছিল জিতুলৰ বিয়াৰ দিন, বিয়াৰ এসপ্তাহ পূৰ্বে ভাৱী পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

p5 2