মাতৃস্নেহৰ হৃদয় বিদাৰক দৃশ্য! মৃত সন্তানৰ কাষত ঘণ্টাধৰি থিয় হৈ ৰ’ল এটা মাইকী হাতী, বন বিভাগৰ এক্সকেভেটৰকো দিলে বাধা…

নিউজ ডেস্কঃ এটা মাইকী হাতীৰ মাতৃস্নেহৰ মৰ্মান্তিক দৃশ্যই শুকুৰবাৰৰ দিনটোত সিক্ত কৰি তুলিলে অনেক জনৰ দুনয়ন।

মৃত পোৱালিৰ কাষত ঘণ্টাৰ পিছত ঘণ্টা ধৰি থিয় হোৱা ৰৈ মাইকী হাতী জনীৰ শোকে যেন আজি চুই গ’ল মানুহকো।

দৰাচলতে ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্হত উত্তৰ গৰুৱাঝাৰ ছঞাবস্তীত শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হৈছিল এটি তিনি বছৰীয়া হাতী পোৱালি।

এই হাতী পোৱালিটোৰ কাষত ঘণ্টাৰ পিছত ঘণ্টাধৰি থিয় হৈ ৰৈ থকা দেখা গৈছিল এটা মাইকী হাতীকো।

যেন নিজৰ পোৱালি হাতীতো শুই উঠালৈকেহে অপেক্ষা কৰি আছিল হাতীজনীয়ে।

ইফালে পুৱা হাতী পোৱালিটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত এক্সকেভেটৰ লৈ হাতী পোৱালিটো নিবলৈ উপস্থিত হয় বন বিভাগৰ দল।

কিন্তু মাতৃ হাতীজনীয়ে এক্সকেভেটৰৰ ফালে চোঁচা লৈ পোৱালি হাতীটোক লৈ যোৱাত বহুসময় ধৰি বাধা প্ৰদান কৰে।

যি দৃশ্যই বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ দুচকুও সেমেকাই তোলা দেখা যায়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা এটা হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি পথাৰত ধান খাবলৈ সোমাইছিল।

সন্দেহ কৰা মতে, সেই সময়তে পথাৰৰ চাৰিওফালে বেঢ়ি থোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি পোৱালি হাতীটোৰ মৃত্যু ঘটে।