মাতৃত্বৰ নামত কলংক! জন্মৰ পাছতে পাষাণ মাতৃয়ে হাস্পতালতে এৰি থৈ গ’ল নৱজাতক…

মাতৃত্বৰ নামত কলংক।

জন্মৰ পাছতে পাষাণ মাতৃয়ে হাস্পতালৰ বিচনাতে এৰি গ’ল নৱজাতকক।

শিৱসাগৰ জিলাৰ ডিমৌ আৰ্দশ চিকিৎসালয়ৰ বিচনাত উদ্ধাৰ হৈছে নৱজাতকটি।

কোনে চিকিৎসালয়ত নৱজাতকটিক এৰি যায় সেই সন্দৰ্ভত জ্ঞাত নহয় চিকিৎসালয় কৰ্তৃপক্ষই।

চিকিৎসালয়খনত উদ্ধাৰ হোৱা নৱজাতকক লৈ এতিয়া বিমোৰত চিকিৎসালয় কৰ্তৃপক্ষ।

প্ৰায় পাঁচদিনীয়া এটি নৱজাতকক চিকিৎসালয়ৰ বিচনাতে এৰি যায় কোনো হৃদয়হীনা মাতৃয়ে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনৰ চিকিৎসক নাৰ্ছৰ মাজত।

ঘটনা অনুসৰি এগৰাকী অচিনাক্ত মাতৃয়ে সন্তানটিক স্তন পান কৰাই কিছু সময়ৰ পাছতে কাপোৰ আনিবলৈ যাওঁ বুলি কৈ কাষৰ এগৰাকী প্ৰসূতীক নৱজাতক শিশুটিক চাবলৈ দি চিকিৎসালয়ৰ পৰা ওলাই গৈ পুনৰ ঘূৰি নাহিল।

ইতিমধ্যে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ কৰ্তৃপক্ষই সুস্থ অৱস্থাত থকা শিশুটি উদ্ধাৰৰ সন্দৰ্ভত ডিমৌ আৰক্ষী থানাত অৱগত কৰিছে।

আৰক্ষীয়েও ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে হাস্পতালত উপস্থিত হৈ ঘটনাৰ বুজ লয়। লগতে শিশুটিৰ মাতৃ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰে।