মাটি দখলেই নহয়, ৰাজ্যত চলিছে মানুহ ৰপ্তানি কৰাৰ ষড়যন্ত্ৰঃ মুখ্যমন্ত্ৰী

গৰুখুঁটিৰ উচ্ছেদ কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে উত্তেজনা।

উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি চৰকাৰ তথা প্ৰশাসনক কঠোৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনে।

কিন্তু সমালোচনাক কেৰেপ নকৰি উচ্ছেদ চলিবই বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ’ল।

ছিপাঝাৰত উচ্ছেদিত জনতাক কংগ্ৰেছ আৰু AIUDFয়ে উচতনি দিয়াৰ অভিযোগ উত্থাপিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ৰাজ্যত এতিয়া কেৱল মাটি দখলেই নহয়, মানুহ ৰপ্তানি দিয়াৰো এক ষড়যন্ত্ৰ চলি আছে। আৰু এই সকলোবোৰ ষড়যন্ত্ৰৰ আঁৰত কংগ্ৰেছ। এইবাৰো বহুত ডাঙৰ পৰিকল্পনা। এতিয়া ছিপাঝাৰ আৰু বৰচলা, এই দুটা সমষ্টি টাৰ্গেট হৈছে।

লগতে মুখ্যমন্ত্ৰীয়ে কয়- এই সকলোবোৰ মাটি দখল কৰা লোক দলগাওঁ আৰু মংগলদৈৰ। মাটি দখলৰ বহুত ডাঙৰ পৰিকল্পনা চলি আছে।

Leave a Comment