অসম

গৰুখুঁটিৰ কাণ্ডঃ চৰকাৰক ৰক্তক্ষয় নহোৱাকৈ শান্তিপূৰ্ণভাৱে আগবঢ়াৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…

গৰুখুঁটিৰ উচ্ছেদৰ ঘটনা সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে তীব্ৰ উত্তেজনা।

উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি চৰকাৰ তথা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনে।

গৰুখুঁটিৰ ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই।

ভট্টাচাৰ্যই কয়- দৰং জিলাৰ উচ্ছেদৰ বিষয়টো ছাত্ৰ সন্থাৰ অতি পুৰনি। দীৰ্ঘদিনে প্ৰতিবাদ কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই।

অসম চৰকাৰে সমগ্ৰ বিষয়টো ৰক্তক্ষয় নহোৱাকৈ শান্তিপূৰ্ণভাৱে আগবাঢ়ক বুলি মন্তব্য ভট্টাচাৰ্যৰ। সমস্যাটোৰ স্থায়ী সমাধান হওক।

আনহাতে ফটোগ্ৰাফাৰ জনৰ কাণ্ডক অমানৱীয় আখ্যা দি সমগ্ৰ ঘটনাটোক গৰিহনা দিয়ে ভট্টাচাৰ্যই।

Leave a Reply

Your email address will not be published. Required fields are marked *