মাটিৰ তলত গুপ্তধনৰ ভাণ্ডাৰ! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল…

মাটিৰ তলত গুপ্তধনৰ ভাণ্ডাৰ।

শোণিতপুৰ আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল।

চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা।

জিলাখনৰ পাঁচমাইলত শোণিতপুৰ আৰক্ষীয়ে স্বয়ম্ভূ কবিৰাজ আব্দুল কৰিমৰ বাসগৃহৰ পৰা নিশা ৩ বজালৈকে চলোৱা অভিযানত উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ টকাখিনি।

আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ টকাখিনি।

চোতালত ঘৰৰ চিৰিৰ তলত গাত খান্দি এটা ট্ৰাংকত লুকুৱাই ৰাখিছিল টকাখিনি।

ইপিনে আৰক্ষীৰ উপস্থিতিৰ কথা গম পাই পলায়ন কৰে আব্দুল কৰিমে।

উল্লেখ্য যে, পলায়ন কৰা আব্দুল কৰিম এজন তান্ত্ৰিক। ইতিপূৰ্বে গাড়ী চুৰিৰ গোচৰ আৰু বেজালিৰ বাবে জে’ললৈ গৈছিত আব্দুল কৰিম।