এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ।
দুৰ্ঘটনাটোৰ ফলত ৭ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত ১০ জনকৈ লোক।
হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
জানিব পৰা মতে, কুল্লুৰ বাঞ্জাৰ উপত্যকাৰ ঘিয়াগী অঞ্চলত নিশা প্ৰায় ৮:৩০ বজাত পৰ্যটক কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে।
ট্ৰেভেলাৰখন গিলোৰী পাছৰ পৰা গিয়াগীলৈ গৈ আছিল।

স্থানিয় লোকে এটা ডাঙৰ শব্দ শুনা পাই ওলাই আহি দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।
দুৰ্ঘটনাটোৰ ফলত ৭ গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ১০ গৰাকী আহত হয়।
আহত সকলৰ ভিতৰত ৫ জন ব্যক্তিক কুল্লুৰ জোনেল চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰাৰ বিপৰীতে আন ৫ গৰাকীক বাঞ্জাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।









