অসম

মাটিত পুতি থােৱা অৱস্থাত লাখে লাখে টকা উদ্ধাৰ, গ্ৰেপ্তাৰ ১

নিউজ ডেস্ক। আৰক্ষীৰ অভিযানত জব্দ লাখ লাখ টকা। মাটিত পুতি থােৱা অৱস্থাত জব্দ কৰা হৈছে ২৭ লাখ ৫৮ হাজাৰ ৬੦੦ টকা।

এই ঘটনা সংঘটিত হৈছে গোলাঘাটত।

গােলাঘাটৰ ৰঙাজানৰ থুৰামুখ গ্ৰান্টৰ এঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনৰাশি।

জানিব পৰা মতে, নাগালেণ্ড আৰক্ষী থানাৰ এক গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীৰ সহযোগত নাগালেণ্ড আৰক্ষীৰ দলে খুৰামুখৰ গ্ৰান্টৰ পৰা মিন্টু তাঁতি নামৰ এজনক গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰে উক্ত টকাখিনি।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা ১১ জুলাই ডিমাপুৰৰ অংকিত জৈন নামৰ ব্যৱসায়ীজনৰ ম’বাইল আৰু এচি ডিলাৰৰ পৰা চুৰি হৈছিল ৪০ লাখকৈ টকা।

এই সংক্ৰান্তত ১২ জুলাইত ডিমাপুৰ উপ নগৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন হয়।

অংকিত জৈনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ জেনেৰেটৰ অপাৰেটৰ হিচাপে কৰ্মৰত আছিল মিণ্টু তাঁতি।

মিণ্টু তাঁতিয়ে বৃহৎ পৰিমাণৰ ধন চুৰি কৰি উধাও হোৱাৰ সন্দেহ কৰি ডিমাপুৰ উপ-আৰক্ষী থানাৰ তদন্তকাৰীৰ দলে গোলাঘাট আৰক্ষীৰ সহযোগত মিণ্টু তাঁতিৰ মোমায়েকৰ ঘৰত অভিযান চলায়।

অভিযান কালত মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা ২৭ লাখ ৫৮ হাজাৰ ৬০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উক্ত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰি মিণ্টু তাঁতিক নাগালেণ্ড আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈ ডিমাপুৰলৈ ৰাওনা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *