অসম

মাছৰ গাড়ীৰ পৰা ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল নামৰূপ আছুৰ সভাপতি-জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক…

মাছ কঢ়িওৱা গাড়ীত ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল নামৰূপ আছুৰ দুই ছাত্ৰ নেতা।

জানিব পৰা মতে, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমায়ে দেওবাৰে চৰাইদেও জিলাৰ বৰহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা দাবী কৰে।

দাবী কৰা ৩০ হাজাৰ টকা মাছৰ গাড়ীখনে দিবলৈ অসন্মতি প্ৰকাশ কৰাত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে নামৰূপ আছুৰ কাৰ্যালয় সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই।

ইফালে বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ফলত গাড়ী থকা মাছসমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষী থানত এক গোচৰ ৰুজু কৰে।

ইতিমধ্যে, এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাৰ অধীনত ১৫৩/২১ নম্বৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ইয়াৰে জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমায়ে পূৰ্বেও অনৈতিক কাৰ্যত লিপ্ত হৈ তিনিমাহৰ বাবে আছুৰ পৰা নিলম্বিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *