মহানুভৱতা! হাস্পতালত কন্যা সন্তান জন্ম হ’লে ফিজ নহয়, কেক কাটি উদযাপন কৰে এগৰাকী চিকিৎসকে…

নিউজ ডেস্কঃ কেৱল কথাৰে নহয়, কামেৰে ‘বেটী বচাও’ আন্দোলনৰ নজিৰ সৃষ্টি কৰি আজি সমগ্ৰ দেশতে প্ৰশংসিত হৈ পৰিছে এগৰাকী চিকিৎসক।

মহাৰাষ্ট্ৰৰ এখন মাল্টিস্পেচিয়েলিটী হাস্পতালৰ চিকিৎসক ডা০ গণেশ ৰাখেৰ কাৰ্যই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।

উল্লেখ্য যে, তেওঁৰ চিকিৎসালয়ত কন্যা সন্তান জন্ম পালে এটকাও ফিজ নলয় ডা০ গণেশ ৰাখে। তাৰ পৰিৱৰ্তে হাস্পতালখনত কন্যা সন্তান জন্ম পালে উদযাপনহে কৰে হাস্পতাল কৰ্তৃপক্ষই।

image 75
মহানুভৱতা! হাস্পতালত কন্যা সন্তান জন্ম হ’লে ফিজ নহয়, কেক কাটি উদযাপন কৰে এগৰাকী চিকিৎসকে… 4

বিগত এটা দশক ধৰি প্ৰসূতি বিভাগৰ চিকিৎসকগৰাকী আৰু তেওঁৰ এই হাস্পতালখনে এই মহৎ কাৰ্য কৰি আহিছে যদিও শেহতীয়াকৈ তেওঁলোকে কন্যা সন্তানৰ প্ৰতি দেখুওৱা দায়বদ্ধতাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

মহাৰাষ্ট্ৰৰ পুনেৰ হাদাপছাৰ অঞ্চলত থকা ডা০ গণেশ ৰাখৰ হাস্পতালখনত বিগত ১১ বছৰত ২ হাজাৰ ৪০০ নৱজাতক কন্যা সন্তানৰ জন্ম হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে।

আৰু এই সকলো কন্যা সন্তান জন্ম হোৱাৰ বাবদ এটকাও ধন হাস্পতাল কৰ্তৃপক্ষই অভিভাৱকৰ পৰা লোৱা নাই বুলিও জানিবলৈ দিয়ে চিকিৎসক ডা০ গণেশ ৰাখে।

image 76
মহানুভৱতা! হাস্পতালত কন্যা সন্তান জন্ম হ’লে ফিজ নহয়, কেক কাটি উদযাপন কৰে এগৰাকী চিকিৎসকে… 5

হাস্পতালখনত কন্যা সন্তান জন্ম পালেই কেক কাটি উদযাপন কৰাৰ লগতে চিকিৎসালয়ৰ তৰফৰ পৰা মিঠাই বিতৰণ কৰি আহিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

সাধাৰণ মানুহক লিংগ বৈষম্যৰ প্ৰতি সজাগ কৰাৰ বাবে এই উদযাপন কৰা হয় বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে।

image 77
মহানুভৱতা! হাস্পতালত কন্যা সন্তান জন্ম হ’লে ফিজ নহয়, কেক কাটি উদযাপন কৰে এগৰাকী চিকিৎসকে… 6

ডা০ গণেশ ৰাখে কয়, “কন্যা সন্তান জন্ম হ’লে মুখখন চাবলৈও নহা মানুহ মই দেখিছো। বহুতে কন্যা সন্তান জন্ম পালে লাজ অনুভৱ কৰে। যাৰ বাবে মই এই সজাগতা অভিযান চলাই আছো।”

চিকিৎসকগৰাকীয়ে লগতে কয়, ‘মই ১১ বছৰ পূৰ্বে বেটী বচাও’ আন্দোলন আৰম্ভ কৰিছিলো। হাস্পতালখনত কন্যা সন্তান জন্ম হ’লে আমি এটকাও নলও। পূৰ্বে সেয়া আমাৰ অকলে কৰা প্ৰচেষ্টা আছিল যদিও আজি বহু লোক আৰু সংগঠনে আমাক সংগ দিছে। লাহে লাহে আমি সমাজখন সংশোধন কৰিবলৈ নিশ্চয় সক্ষম হম।’