অসম

মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ ৪ সৰবৰাহকাৰী আটক

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

মালিগাঁৱৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিছে ৪ ড্ৰাগছ সৰবৰাহকাৰী।

আৰক্ষীয়ে ৭২টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ দুখন বাইক, ৪টা ম’বাইল আৰু নগদ ৩০০০ টকা জব্দ কৰিবল সক্ষম হৈছে।

ধৃত সৰবৰাহকাৰী কেইজন হৈছে ফৰমান আলী, হুছেইন আলী, জাকিৰ আলী আৰু দীপক দাস।

মালিগাঁৱৰ বিদ্যানগৰ আৰু গোশালাত জালুকবাৰী আৰক্ষীয়ে চলাইছিল এই অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *