মহানগৰীত হাতত পিষ্টল লৈ চুবুৰীয়া মহিলাক প্ৰাণে মৰাৰ ভাবুকি, গ্ৰেপ্তাৰ যুৱক…

নিউজ ডেস্কঃ হাতত পিষ্টল লৈ মহানগৰীত সন্ত্ৰাস যুৱকৰ।

পিষ্টল দেখুৱাই চুবুৰীয়া মহিলাক প্ৰাণে মৰা ভাবুকি দি গ্ৰেপ্তাৰ যুৱক।

মহানগৰীৰ বশিষ্ঠৰ দেহাল পথৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তজনক।

ধৃত অভিযুক্তজনৰ নাম বিবেকানন্দ টাইড।

অভিযুক্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে দুটাকৈ পিষ্টল।

ইয়াৰে এটা চিংগল বেৰেল আৰু এটা পইণ্ট এয়াৰ গান।

জানিব পৰা মতে, চুবুৰীয়া ৰীনা লহকৰ নামৰ এগৰাকী মহিলাক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দিছিল যুৱকজনে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিবেকানন্দ টাইডক।