অসম

মহানগৰীত মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক, জব্দ নিচাজাতীয় টেবলেট…

নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

এইবাৰ মহানগৰ আৰক্ষীৰ জালত মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী।

বৃহত পৰিমাণৰ YABA টেবলেটৰ সৈতে আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক।

এছ.বি.ৰ এক চোৰাংচোৱা তথ্যৰ আধাৰত পূৱ গুৱাহাটী জিলা আৰক্ষীৰ এটা দলে আটক কৰিছে মহিলাগৰাকীক।

আটকাধীন মহিলাগৰাকী খুমি খাৱলং(৪৫) বুলি জানিব পৰা গৈছে।

খুমি খাৱলঙে শ্বিলঙৰ পৰা আহি গুৱাহাটীৰ ভাঙ্গাগড়ৰ কুঞ্জলটা লজত বাহৰ পাতি আছিল।

খুমিয়ে বাহৰ পাতি থকা লজখনৰ কোথাটোৰ পৰা ৮৫০০ YABA টেবলেট উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ড্ৰাগচ সৰবৰাহী খুমি খাৱলাঙক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *