অসম

নন্দিতা শইকীয়াক শেষ শ্ৰদ্ধাঞ্জলি জনাই ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত মৃত্যু ছাত্ৰ নেতাৰ…

এক অতি মৰ্মান্তিক ঘটনা।

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী।

কিন্তু তাৰ মাজতে ঘটিল আন এক অসহনীয় ঘটনা।

নন্দিতাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ নিজেও অজান দেশলৈ গুচি এজন যুৱকে।

বুধবাৰে নিশা প্ৰায় চাৰে ন বজাত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অনুপম বৰুৱাই।

জানিব পৰা অনুসৰি বুধবাৰে ডিব্ৰুগড়ত মৃত্যু হোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিধলৰ পৰা চিলাপথাৰৰ বৰপথাৰত থকা ঘৰলৈ আহি থকা অৱস্থাত ঘৰৰ পৰা কিছু দূৰৈত মটৰচাইকেল দুৰ্ঘটনাত পতিত হয় ছাত্ৰ নেতা অনুপম।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে অনুপমে।

অনুপম বৰুৱাৰ শোকাবহ মৃত্যুৰ ঘটনাই সমগ্ৰ চিলাপথাৰত পেলাইছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *