
মহানগৰীত মাতৃৰ সন্মুখতে প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে, গ্ৰেপ্তাৰ…
গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড!
প্ৰেমৰ বাবেই মাতৃৰ সন্মুখতে যুৱতীক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে যুৱকে।
অভিযোগ অনুসৰি প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে যুৱকে মাতৃৰ সন্মুখতে হত্যা কৰে যুৱতীক।
সাতগাওঁ থানাৰ আমচাঙৰ সঞ্জয় লালুং নামৰ যুৱকজনে একে গাঁৱৰে এগৰাকী যুৱতী হত্যা কৰে।
যুৱতী গৰাকীয়ে মাকৰ লগত বজাৰ কৰিবলৈ যাওঁতে নাৰাংগী আৰ্মী কেম্পৰ সন্মুখত গাড়ী ৰখাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে যুৱতী গৰাকীক।
কলেজীয়া স্নাতকৰ ছাত্ৰী গৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই নৃশংস হত্যা কাণ্ডতো সংঘটিত হয়।
ঘটনা সংঘটিত কৰা যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।





