অসম

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…

মহানগৰীৰ বৰগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড।

কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ।

মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে।

বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি জনাইছিল গড়চুক আৰক্ষীক।

স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত‍্যা কৰি নাটকীয় ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে।

সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ এগৰাকী মহিলাৰ ৰান্ধনীঘৰত উদ্ধাৰ হৈছে মৃতদেহটো।

বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখা বুলি সদৰি কৰে।

সন্তোষ গুপ্তাই হত‍্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ দেৱযানী দাসক নিৰ্দেশ দিছিল বুলিও জানিব দিয়ে।

নিশা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন। 

আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে স্বামী সন্তোষ গুপ্তাক।

জানিব পৰা মতে, চাৰ্টাৰ একাউণ্টেণ্ট সন্তোষ গুপ্তাৰ সৈতে আন্তিমা গুপ্তাই ৭ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যদিও তেওঁলোক আছিল নিঃসন্তান।

Leave a Reply

Your email address will not be published. Required fields are marked *