অসম

মহানগৰীত চলন্ত গাড়ীত অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা চালকসহ পাঁচ যাত্ৰীৰ…

মহানগৰীৰ আজাৰাত চলন্ত গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড।

আজাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সম্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত দাও দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

এখন চুইফট ডিজাইৰ বাহনত যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

বৰঝাৰ বিমানবন্দৰৰ পৰা যাত্ৰী লৈ শ্বিলঙলৈ গৈ থকা অৱস্থাতে আজাৰাৰ সমীপৰ গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলি উঠিল বাহনখন।

চুইফট খনৰ নম্বৰ AS-01-MC-6580 ।

বিমানবন্দৰৰ পৰা ২গৰাকী মহিলাসহ ৪জন যাত্ৰী লৈ গৈ আছিল বাহনখনে।

এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই।

ঘটনাস্থলীত Airforce বাহিনীৰ অগ্নিনিৰ্বাপক বাহন উপস্থিত হৈ নিয়ন্ত্ৰন কৰে জুই।

Leave a Reply

Your email address will not be published. Required fields are marked *