মহানগৰীত গ্ৰেপ্তাৰ ‘ৰেল কৰ্মচাৰী’ বাংলাদেশী নাগৰিক! জব্দ বাংলাদেশী মুদ্রা

নিউজ ডেস্ক। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী প্ৰাগজ্যােতিষপুৰ থানা এলেকাত আৰক্ষীৰ জালত পৰিল নিজকে ৰে’ল বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া এজন বাংলাদেশী নাগৰিকৰ লগতে এজন মেঘালয়ৰ পলাতক আচামী।

ধৃত পলাতক আচামীটােৰ মেঘালয়ৰ দাউকীৰ মণি সৰকাৰ বুলি জানিব পৰা গৈছে।

G4 7
মহানগৰীত গ্ৰেপ্তাৰ 'ৰেল কৰ্মচাৰী' বাংলাদেশী নাগৰিক! জব্দ বাংলাদেশী মুদ্রা 2

আনহাতে, ধৃত বাংলাদেশী লোকজন চিলেট জিলাৰ মহম্মদ মণিৰ (২৭) বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বাংলাদেশী লোকজনৰ পৰা নগদ ৫,৫০০ টকাৰ বাংলাদেশী মুদ্ৰাৰ লগতে ১৯,৫০০ ভাৰতীয় টকাৰ ভাৰতীয় টকা জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰে অনুসৰি, দীর্ঘদিন ধৰি দুয়ােজন চন্দ্ৰপুৰৰ বি আৰ ডি ইটাভাতাত শ্রমিক হিচাপে কৰ্মৰত আছিল।

তেনে সময়তে বিগত ২৮ ফেব্ৰুৱাৰীত ইটাভাতাৰ কাৰ্যালয়ৰ লকাৰ ভাঙি নগদ ৩ লাখ ৫০ হেজাৰ টকা লৈ উধাও হৈছিল।

ইয়াৰ পাচতে মণি সৰকাৰক বিচাৰি অভিযান আৰম্ভ কৰিছিল প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে।

ধৃত মণি সৰকাৰে ধন লৈ বাংলাদেশলৈ গৈছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে।

যোৱা ৪ মাৰ্চত মণি সৰকাৰ আৰু মহম্মদ মণিয়ে চন্দ্ৰপুৰলৈ আহি ৰে’লৱে কৰ্মচাৰী বুলি পৰিচয় দি চন্দ্ৰপুৰৰ তাঁতীমাৰাত এটা ঘৰ ভাড়ালৈ লৈছিল।

গোপন সূত্রে এই খবৰ লাভ কৰি আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰে।

Leave a Comment