অসম

অনাঅসমীয়া লোকক অইল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী পদত নিযুক্তিৰ বিৰোধিতা আলফাৰ…

অনাঅসমীয়া লোকক অইল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী পদত নিযুক্তিৰ বিৰোধিতা আলফা স্বাধীনৰ।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে অইল ইণ্ডিয়াক সকীয়নি প্ৰদান কৰিছে আলফা স্বাধীনে।

অইল ইণ্ডিয়াই ড০ ৰঞ্জিত ৰাথক অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দি অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰিছে আলফাই।

বিগত বৰ্ষত আলফা স্বাধীনে অ’এনজিচি, আইঅ’চিএল আদিত ৯৫ শতাংশ থলুৱাৰ নিযুক্তিৰ দাবী জনাইছিল। এক জাননীত আলফা স্বাধীনে অসমত চলি থকা ৰাজহুৱা প্ৰতিষ্ঠানকেইটাৰ ওচৰত সাতটা দাবী উত্থাপন কৰে।

image

জাননীত আলফা স্বাধীনে যদিহে তেওঁলোকৰ দাবী সমূহ মানি লোৱা হয় তেতিয়াহ’লে তেওঁলোকে সামৰিক অভিযানৰ পৰা বিৰত থাকিব বুলিও উল্লেখ কৰে।

আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডক এজন যোগ্য খিলঞ্জীয়া লোকক প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দিয়াৰ বাবেও দাবী জনায়।

বিবৃতিটোত উল্লেখ কৰিছে যে, ‘বিগত বৰ্ষত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ দাবী সমূহ পুৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু অইল ইণ্ডিয়া লিমিটেডে মুখ্য মন্ত্ৰী আৰু ৰাজ্যৰ জনসাধাৰণক পুনৰ প্ৰতাৰণা কৰিলে। আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডক নিজৰ সিদ্ধান্ত সলনি কৰি এজন যোগ্য খিলঞ্জীয়া লোকক মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দিয়াৰ বাবে দাবী জনাইছো।’

image 1

লগতে অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন পদত স্থানীয় যোগ্য লোকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক হেচা দিয়াৰ বাবে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদিৰ দৰে আঞ্চলিক শক্তি সমূহক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *