মহানগৰীত এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত গোবিন্দ ৰায়…

গুৱাহাটী মহানগৰীত পুনৰ এনকাউণ্টাৰৰ ঘটনা

এইবাৰ মহানগৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত।

গুলীবিদ্ধ হৈ নিহত ডকাইতটোৰ নাম গোবিন্দ ৰায়।

মঙলবাৰে নিশা ৩ লাখ টকা লুট কৰি ধৰা পৰিছিল গোবিন্দ ৰায়।

ইয়াৰ পিছতে ৰাইজে আটক কৰি গোবিন্দক গোটাই দিছিল আৰক্ষীৰ।

আৰক্ষীক চমজাই দিয়াৰ পিছত নিশা আৰক্ষীয়ে গোবিন্দক লৈ তেওঁৰ সহযোগীৰ সন্ধানত গৈছিল।

কিন্তু নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে গোবিন্দে।

ইয়াৰ পিছতে আৰক্ষীয়ে গোবিন্দলৈ লক্ষ্য কৰি দুই জাই গুলী কৰে আৰক্ষীয়ে।

গুলীবিদ্ধ গোবিন্দক আৰক্ষীয়ে জিএমচিএইচত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে গোবিন্দক।

জানিব পৰা মতে গোবিন্দ ৰায়ৰ ঘৰ কলকাতাত।