ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত এজন লোক…

এক শোকাৱহ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এজন লোক।

বকোৰ আগছিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত লোকজন বকোৰ খেনাপাৰাৰ নিবাসী অমৃত ৰাভা (৫৫) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, লোকজনে ঘাইপথ পাৰ হ’ব লওঁতেই গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী এখন তীব্ৰবেগী বাছে লোকজনক মহতিয়াই নিয়ে।

যাৰ ফলত থিতাতে মৃত্যু হয় অমৃত ৰাভা লোকজনৰ।

দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ এএছ০১ এমচি ৮৬৭৪।

ঘটনাস্থলত বকো আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।