মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্মীয়মান বাসগৃহত অঘটন! ট্ৰাকৰ পৰা নিৰ্মাণ সামগ্ৰী নমোৱাৰ সময়তে মৃত্যু শ্ৰমিকৰ

নিউজ ডেস্কঃ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ নিৰ্মাণৰ কামত অঘটন। গৃহনিৰ্মাণৰ বাবে অনা সামগ্ৰী ট্ৰাকৰ পৰা নমাই থকাৰ সময়তে মৃত্যমুখত পৰে এগৰাকী শ্ৰমিক।

জানিব পৰা মতে, দেওবাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কাছাৰৰ ধলাই সমষ্টিৰ আইৰংমাৰাস্থিত নিৰ্মীয়মান বাসগৃহৰ বাবে অনা মাৰ্বল পাথৰৰ টাইলছ ট্ৰাকৰ পৰা নমাই আছিল কেইজনমান শ্ৰমিকে।

সেই সময়তে টাইলছৰ এটা বৃহৎ টুকুৰাই এজন শ্ৰমিকক হেঁচা মাৰি ধৰাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় শ্ৰমিকজন। এই ঘটনাত আঘাতপ্ৰাপ্ত হয় আন এহাল শ্ৰমিক দম্পতীও।

photo1659946884
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্মীয়মান বাসগৃহত অঘটন! ট্ৰাকৰ পৰা নিৰ্মাণ সামগ্ৰী নমোৱাৰ সময়তে মৃত্যু শ্ৰমিকৰ 2

লগে লগে তিনিওজনকে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে এজন শ্ৰমিকক। নিহত শ্ৰমিকজনৰ পৰিচয় কোকৰাঝাৰ জিলাৰ ফকিৰাবজাৰৰ হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মন্ত্ৰী শুক্লবৈদ্যৰ নিৰ্মীয়মান ঘৰৰ টাইলছ মিস্ত্ৰী হিচাপে কাম কৰি থকা হামিদুল ইছলামে দুপৰীয়া ট্ৰাকৰ পৰা টাইলছ নমাই থকাৰ সময়তে সংঘটিত হয় অঘটন।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।