অসমীয়াঅসম

মদৰ দাম বঢ়ালেও মদাহীয়ে প্ৰতিবাদ নকৰে, তাৰেই সুযোগ লৈছে চৰকাৰে! সুৰা নিষিদ্ধ কৰাৰ দাবীৰে চৰকাৰক সমালোচনা জাকিৰ হুছেইন শিকদাৰৰ

নিউজ ডেস্কঃ মদৰ দাম বৃদ্ধি কৰিলেও মদাহীয়ে ৰাজপথত প্ৰতিবাদ কৰিব নোৱাৰে। তাৰেই সুযোগ লৈ মদৰ দাম চৰকাৰে বৃদ্ধি কৰিছে। মদৰ ৰাজহৰে ৰাজ্য চলোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে- অসম সুৰা নিষিদ্ধ কৰাৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰিল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ।

অসমত মদ আৰু গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী জনাই শিকদাৰে কয় যে চৰকাৰে মদাহীক জৰিমণা বিহিছে, আকৌ সুৰাৰ দাম বৃদ্ধিও কৰিছে। মদ খাই গাড়ী চলাই দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখো প্ৰকাশ কৰিছে।

মদ খাই কাৰোবাৰ মৃত্যু হোৱাৰ পিছত দুখ প্ৰকাশ কৰাতকৈ মদ নিষিদ্ধ কৰিব লাগে বুলি দাবী জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

মদ খুৱাই অসমীয়াৰ স্বাস্থ্য বেয়া কৰি সেই মদৰ ৰাজহেৰে চৰকাৰে চাইৰেণ বজাই বজাই ঘূৰি আছে বুলি মন্তব্য কৰি শিকদাৰে লগতে কয় যে মদৰ পৰা যি ৰাজহ চৰকাৰে সংগ্ৰহ কৰিছে, তাৰেই এহাজাৰ টকা অৰুণোদয় আঁচনিৰ ধন বুলি চৰকাৰে প্ৰদান কৰিছে।

কিন্তু এই এহাজাৰ টকাৰ ঠাইত মদ খাই নিজৰ ল’ৰাটোৰ বেমাৰত ১০-২০ হাজাৰ টকা ভৰিবলগীয়া হৈছে মাতৃয়ে। বহুতে মদ খাই জীৱনো হেৰুৱাবলগীয়া হৈছে।

কেৱল সুৰাৰ দাম বৃদ্ধি কৰিয়েই চৰকাৰে ৰাজ্য চলাব লাগিব বুলি কোনো কথা নাই, উপাৰ্জনৰ অন্য উৎস আমাৰ আছে বুলিও মন্তব্য কৰে শিকদাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *