মটৰ চাইকেল এখন, কিন্তু আৰোহী ৫ জন! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ মটৰ চাইকেল এখন, কিন্তু আৰোহী ৫ জন!

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন মটৰ চাইকেল আৰু ৫ আৰোহীৰ এটা ভিডিঅ’।

উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ ব্যস্ত ৰাজপথত ৫ আৰোহীয়ে এখন মটৰ চাইকেলত উঠি যাত্ৰা কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত সক্ৰিয় হৈ পৰিল আৰক্ষী।

যান-বাহন নীতি উলংঘা কৰাৰ অপৰাধত ইতিমধ্যে মটৰ চাইকেলখনৰ গৰাকীক ৬৫০০ টকাৰ চালান জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।

তদুপৰি ৰাজপথত বিপদসংকুলভাৱে একেখন মটৰ চাইকেলত যাত্ৰা কৰা পাঁচোজন আৰোহীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ধৃত আৰোহী কেইজনৰ পৰিচয় আৰিফ, আছিফ, ইৰছাদ, ছামিম আৰু ৱাছিম বুলি জানিব পৰা গৈছে। অভিযুক্ত
আটাইকেইজন আছালাতপুৰা অঞ্চলৰ বাসিন্দা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰায়ছ আহমেদ নামৰ এজন ব্যক্তিৰ নামত আছে মটৰ চাইকেলখন।

অন্যহাতে ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেট ব্যৱহাৰকাৰীয়েও।