মঞ্চত আৰু গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত কণ্ঠশিল্পী সীমান্ত শেখৰৰ।
সোমবাৰে আনুষ্ঠানিকভাৱে চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে সীমান্ত শেখৰে।
দায়িত্ব গ্ৰহণৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘অসমীয়া ছবি জগতৰ লগত মই জড়িত হৈছো। মই দেখিছো আমি বহুতখিনি কাম কৰিবলগীয়া আছে, বহুত আগবঢ়াই নিবলগীয়া আছে। মোৰ যাত্ৰাত সমূহ অসমবাসী ৰাইজ, ছবিজগতৰ লগত জড়িত সকলোৰে সহায়-সহযোগিতা বিচাৰিছো’।
ইফালে চলচ্চিত্ৰ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয় যে সমালোচনা হ’ব লাগে, নহ’লে বহু কথা গম পোৱা নাযায়। যিসকলে গঠনমূলক সমালোচনা কৰিছে সেইবোৰ উপদেশ হিচাপে লৈ আগবাঢ়ি যাম।
আনহাতে সীমান্ত শেখৰে এতিয়াৰে পৰা আৰু মঞ্চত গীত পৰিৱেশন নকৰে বুলিও স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে, দায়িত্ব গ্ৰহণ কৰি আগন্তুক দিনত সকলোৰে সহায়-সহযোগিতা কামনা কৰে সীমান্ত শেখৰে।









