অসমঅসমীয়া

মছিমপুৰ BSF শিবিৰত শােকাৱহ ঘটনা, ছাদৰ পৰা পৰি এজন জোৱানৰ মৃত্যু

নিউজ ডেস্ক। নিজ গৃহলৈ যাবলৈ ছুটী পায়ো ঘৰলৈ যাব নোৱাৰিলে বিএছএফ জোৱান হুকাম সিং গেলালাই।

ঘৰ পৰিয়ালক দেখা কৰাৰ আশা লৈয়ে স্বৰ্গগামী হ’ল জোৱানজন।

হুকাম সিং গেলালা (৪৪) – ১৩৪ বেটেলিয়নৰ এজন বিএছএফ জোৱান, হুমাক সিঙক বৰাকৰ পাথাৰকান্দি চেক্টৰত কৰ্মৰত আছিল।

1 2

তেওঁৰ জন্মস্থান মধ্য প্ৰদেশত থকা তেওঁৰ পৰিয়ালক লগ কৰাৰ পৰিকল্পনাৰে শনিবাৰৰ পৰা ছুটী লৈছিল।

শুক্ৰবাৰে ৰাতি তেওঁৰ বন্ধুৰ সৈতে ছাদৰ ওপৰত আনন্দ বিলাস কৰাৰ মূহুৰ্তত ছাদৰ পৰা পৰি ঘটনাস্থলীত মৃত্যুবৰণ কৰে।

ঘটনাটো শুক্ৰবাৰে মছিমপুৰ বিএছএফ শিবিৰত সংঘটিত হৈছিল।

সহকৰ্মীসকলে তেওঁক উদ্ধাৰ কৰি শিবিৰৰ চিকিৎসালয়লৈ লৈ যায় আৰু তাৰ পৰা তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তাত উপস্থিত হোৱাৰ পিছত, চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে।

2 3

অৰুণাচল পুলিচ আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াজন নিশা ঘটনাৰ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

লগতে চাওকঃ

দুৰ্ঘটনাত পতিত আই পি এছ আনন্দ মিশ্ৰ, চিকিৎসালয়ত ভৰ্তি…

715

Leave a Reply

Your email address will not be published. Required fields are marked *