মই মৰিলে চিধাই ভূতনাথলৈ আহি যাব, তাতেই মোৰ চিতা জ্বলাব! কান্দি উঠিল ভিক্টৰ দাস

নিউজ ডেস্কঃ অভিযোগকাৰীয়েই অভিযুক্ত হৈ সাতদিনীয়া আৰক্ষী জিম্মাত থাকিবলগীয়া হৈছিল ভিক্টৰ দাসে। আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে আন এটা বিপদ যেন তেওঁলৈ ৰৈ আছিল বাহিৰত।

পঢ়ুৱাই ভাল পোৱা টেট শিক্ষকজনক নিলম্বন কৰা হ’ল চাকৰিৰ পৰা। কমলপুৰৰ পানীটেমা ৰাধাকৃষ্ণ মিলন যুগল প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ থকা ভিক্টৰ দাসৰ অপৰাধত একো নাছিল। কিন্তু ২৪ ঘণ্টাতকৈ অধিক সময় আৰক্ষীৰ জিম্মাত থকা বাবেই তেওঁক টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে।

অৱশ্যে ভিক্টৰক নিলম্বনৰ পিছত বহুতেই সামাজিক মাধ্যমত লিখিছে- তেওঁৰ নিলম্বনে ক্ষতি কৰিছে তেওঁ পঢ়ুৱাই থকা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকহে। কিয়নো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকেই দুদিন পূৰ্বে কৈছিল যে ভিক্টৰ ভাল শিক্ষক। তেওঁৰ বাবেই ল’ৰা ছোৱালীয়ে ইংৰাজী লিখিব-পঢ়িব জানিছে।

হয়, ভিক্টৰে বৰ মৰম কৰে ছাত্ৰ-ছাত্ৰীক।

ভিক্টৰ দাসে ছাত্ৰ-ছাত্ৰীক কিমান ভালপায় সেয়া হয়তো তেওঁ নিজেও ভাষাৰে বুজাব নোৱাৰে। আৰু সেই বাবেই হয়টো লাইভ ভিডিঅ’টোত তেওঁ উচুপি উঠিল এনেদৰে কৈ- ‘মই তঁহতক কিমান ভালপাও বুজাব নোৱাৰিম ৰে…’

আৰক্ষীৰ গ্ৰাসৰ পৰা মুক্ত হৈ আকৌ স্বাভাৱিক জীৱন আৰম্ভ কৰিব বিচাৰিছে ভিক্টৰ দাসে। আকৌ ছাত্ৰ-ছাত্ৰীৰ মাজত নিজৰ জ্ঞান বিলাই দিয়াৰ চেষ্টা কৰিছে তেওঁ। প্ৰথমবাৰৰ বাবে তেওঁ এটা ভিডিঅ’যোগে ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰে। আৰু সেই সময়তে যেন উথলি উঠে তেওঁৰ বকুত এখন শিলৰ পাহাৰৰ দৰে দম খাই ৰোৱা ব্যাথা খিনি।

আৰক্ষীৰ জিম্মাত তেওঁক যেতিয়া সোধা-পোছা কৰি থকা হৈছিল, সেই সময়ত এক চেকেণ্ডৰ বাবেও ভয় খোৱা নাছিল ভিক্টৰে। কিন্তু দুখ লাগিছিল। অকলশৰীয়া মাকৰ কষ্টখিনি দেখি হিয়াই উচুপি উঠিছিল। আজি যদি তেওঁৰ দেউতাক জীয়াই থকা হ’লে…

ভিক্টৰে বৰ ভাল পায় তেওঁৰ দেউতাকক। ২০২০ চনত যেতিয়া ৰে’ল লাইনত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল পিতৃ কুমুদ চন্দ্ৰ দাসৰ, তেতিয়াও ভিক্টৰে হাহাকাৰ কৰি উঠিছিল। দেউতাকৰ তেজে ধোৱা মূৰটো কোলাত লৈ বাৰে বাৰে কৈছিল- উঠা না দেহা… উঠা না দেউতা…!

দেউতাক নুঠিল। যি গ’লগৈ আকৌ উভতি নাহিল। ভিক্টৰে ভাৱে- অন্যায়ৰ বিৰুদ্ধে দেউতাকে মাত মতাৰ বাবেই এনেদৰে ঘৰৰ পৰা মাতি নি তেওঁক হত্যা কৰা হ’ল। পিতৃৰ ৰক্তাক্ত শৰীৰ নিজৰ চকুৰ সন্মুখত দেখাৰ পিছত এতিয়া আৰু কালৈকো ভয় নকৰে ভিক্টৰে। কি কৰিব? খুব বেছি মাৰি পেলাব? মাৰি পেলাওক! একো ভয় নাই!

ভিক্টৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিছে তেওঁৰ হৈ ওলাই নাহিবলৈ। অন্যায়ৰ বিৰুদ্ধে মাত মাতক, ঠিকে আছে। কিন্তু তেওঁৰ হকে ওলাই আহিব নালাগে। তেওঁ যদি মৰা বুলি গম পাই, তেন্তে ভূতনাথ শ্মশানলৈ আহিলেই হ’ল। কাৰণ তাতেই তেওঁৰ চিতা জ্বলাব, যিদৰে দুবছৰ পূৰ্বে দেউতাৰ চিতা জ্বলোৱা হৈছিল!

সমাজৰ সন্মুখত আজি ভিক্টৰ দাসক বেয়া বুলি প্ৰতিপন্ন কৰাব বিচাৰিছে বহুতে। কিন্তু নিজতকৈ বেছি নিজক আৰু কোনে চিনি পাব পাৰে? ভিক্টৰে কান্দি কান্দি সেয়ে কৈছে- মই বেয়া মানুহ নহয় ৰে… মই বেয়া মানুহ নহয়! দালালবোৰে ২ দিন জিম্মাত থাকি ওলাই আহিছে, আৰু মই ৭ দিন থাকিবলগীয়া হৈছে।

ভিক্টৰ বেয়া মানুহ নহয়। সেয়া ভিক্টৰে জানে, তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে জানে। সেই কথা জানে ভিক্টৰক ওচৰৰ পৰা লগ পোৱা সকলেও। কিন্তু যাৰ হাতত ক্ষমতা আছে, যিয়ে অভিযোগকাৰী ভিক্টৰকে অভিযুক্ত সজাই ৭ দিন বন্দী কৰি ৰাখিলে, তেওঁলোকে যদি ভিক্টৰক বেয়া প্ৰতিপন্ন কৰাব বিচাৰে, তেন্তে বাধাই বা দিব পাৰে কোনে?