মই অসমলৈ যাম, আপুনি আপোনাৰ শিক্ষা ব্যৱস্থা দেখুৱাব আৰু আপুনি দিল্লীলৈ আহিলে মই মোৰ দেখুৱামঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান কেজৰিৱালৰ…

নিউজ ডেস্কঃ টুইটাৰত বেচ চলিছে অসম বনাম দিল্লী শিক্ষা ব্যৱস্থাক লৈ তৰ্কযুদ্ধ। এবাৰ যদি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আন চেগতে আকৌ কেজৰিৱালৰ ওপৰত জপিয়াই পৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা।

সমান্তৰালভাৱে কেজৰিৱালক হেয় প্ৰতিপন্ন কৰাত পিছ পৰি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাও। টুইটাৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰ দি আক্ৰমণাত্মক হৈ পৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। কিন্তু তাৰ পিছতে আকৌ প্ৰতিক্ৰিয়া আহিছে কেজৰিৱালৰ তৰফৰ পৰা। এইবাৰ তেওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মাক প্ৰস্তাৱ দিছে দিল্লীলৈ যোৱাৰ, লগতে আগ্ৰহ ব্যক্ত কৰিছে নিজে অসমলৈ অহাৰ।

দৰাচলতে এই টুইটাৰ যুদ্ধৰ আৰম্ভণি ঘটিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য ফলাফল প্ৰদৰ্শন কৰা ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ পিছত। এই বাতৰিটো শ্বেয়াৰ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিদ্যালয় বন্ধ কৰাটোৱেই সমাধান নহয়। বৰং শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া উচিত।

কেজৰিৱালৰ এই টুইটৰ পিছতে বৃহস্পতিবাৰে অসম চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই ভিত্তিহীন তথ্যৰে দাবী কৰিছিল যে দিল্লীৰ শিক্ষাৰ ম’ডেল ভুৱা। কেজৰিৱালক অসমলৈ আহি অসমৰ শিক্ষা ব্যৱস্থাৰ পৰা জ্ঞান ল’বলৈও আহ্বান জনাইছিল পীযুষ হাজৰিকাই।

একে সময়তে বৃহস্পতিবাৰে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। তেওঁ দুটা টুইট কৰি কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়।

এটা টুইটত অসম চৰকাৰে স্থাপন কৰা নতুন চৰকাৰী বিদ্যালয়ৰ তথ্য প্ৰদান কৰি দিল্লীত কেজৰিৱালে কিমানখন বিদ্যালয় স্থাপন কৰিলে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, ২০১৩ চনৰ পৰা অৰ্থাৎ তেওঁ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰে পৰা ৬৮০২ খন প্ৰাথমিক বিদ্যালয়ক চৰকাৰী বিদ্যালয়লৈ সলনি কৰা হৈছে। তদুপৰি ১৫৮৯ খন মাধ্যমিক, ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৩ খন নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়, ৩৮ খন আদৰ্শ বিদ্যালয় আৰু ৯৭ খন চাহ বাগিচাৰ মডেল স্কুল চৰকাৰে স্থাপন কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত দাবী কৰা অনুসৰি তেওঁ শিক্ষামন্ত্ৰী হৈ থকা সময়ৰে পৰা ৮৬১০ খন বিদ্যালয় চৰকাৰে স্থাপন কৰিছে অসমত। এই তথ্য সদৰী কৰি যোৱা ৭ বছৰত দিল্লী চৰকাৰে কেইখন বিদ্যালয় স্থাপন কৰিলে বুলি কেজৰিৱালক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ প্ৰত্যুত্তৰ দিবলৈ যেন বাট চাইহে আছিল অৰবিন্দ কেজৰিৱাল। তেওঁ ধেমেলিয়া সুৰত টুইট কৰি কয়, ‘চাগে আপুনি বেয়াই পালে মোক। মোৰ উদ্দেেশ্য আপোনাৰ ভুল ধৰাটো নাছিল। আমি সকলো একে দেশৰ নাগৰিক। আমি ইজনে সিজনৰ পৰা শিকিব লাগিব। তেতিয়াহে আমি ভাৰতক শ্ৰেষ্ঠ দেশ হিচাপে গঢ়িব পাৰিম।’

টুইটাৰত অসমলৈ অহাৰ আগ্ৰহ ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ লিখিছে, ‘মই অসমলৈ যাম। আপুনি কওক কেতিয়া যাম? শিক্ষাৰ ক্ষেত্ৰত আপুনি কৰা ভাল কামবোৰ মোক দেখুৱাব। আৰু আপুনি দিল্লীলৈ আহক। তেতিয়া মই দিল্লীত কৰা কাম দেখুৱাম।’

দুখন ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ মাজত চলা এই টুইটাৰ যুদ্ধই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত। বহুতেই দাবী কৰিছে- নতুন বিদ্যালয় স্থাপন কৰাটোৱেই যথেষ্ট নহয়, বৰং শিক্ষাৰ মানদণ্ড উন্নত কৰাটোহে ডাঙৰ কথা।

শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হোৱালৈকে হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে, ৮ হাজাৰৰো অধিক বিদ্যালয় অসমত নতুনকৈ স্থাপন কৰা হৈছে। কিন্তু তাৰ পিছতো শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য ফলাফল প্ৰদৰ্শনৰ বাবেই এতিয়া ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰো সিদ্ধান্ত লোৱা হৈছে।