‘মই অনুতপ্ত’…মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই…

অৱশেষত মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

৬৫ দিনৰ পাছত গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হোৱাৰ পাছত শুকুৰবাৰৰ সন্ধিয়া মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী।

Barkhashri3
‘মই অনুতপ্ত’...মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই... 3

কাৰাগাৰৰ পৰা ওলায়ে বৰ্ষাশ্ৰীয়ে কয়- ভালে আছো, ভালকে পৰীক্ষা দিছোঁ। আপোনালোকৰ বাবে ওলাই আহিব পাৰিলো, সকলোকে ধন্যবাদ।

লগতে কয়- যদি মই ভুল কৰিছিলো অনুতপ্ত। কবিতা লিখি যদি ভুল কৰিছিলো, তেন্তে অনুতপ্ত।

তেওঁৰ মুক্তিৰ বাবে বিভিন্ন দল সংগঠন তথা সংবাদ মাধ্যমে লোৱা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে বৰ্ষাশ্ৰীয়ে।

লগতে চাওকঃ

প্ৰধানমন্ত্ৰীৰ কাষত অসমৰ দিব্যাংগ চিত্ৰ শিল্পী অভিজিৎ, নিজ হাতেৰে মােদীক দিলে এই বিশেষ উপহাৰ

G4 4
‘মই অনুতপ্ত’...মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই... 4